Sunday, August 1, 2021

Preposition (ix & x)

 Preposition ৰ ব্যৱহাৰ


           যিবোৰ শব্দ noun বা prronoun ৰ আগত বহি Sentence ৰ আন আন শব্দৰ সৈতে ইয়াৰ সম্পৰ্ক দেখুৱাই দিয়ে বা বুজাই দিয়ে, তেনেবোৰ শব্দক Preposition বোলে।

  

ইংৰাজীত ব্যৱহাৰ হোৱা প্ৰধান  Preposition বিলাক হল— On, in, at, over, by about, after, before, for, from, into, near, to, up, upon, under, with, within  ইত্যাদি।


কেইটামান preposition ৰ ব্যৱহাৰ :-- 


1. On (ওপৰত )((স্পৰ্শ কৰি থকা অৰ্থত)


a) ওপৰত বুজোৱা অৰ্থত on ব্যৱহাৰ কৰা হয়। যেনে -

The book is on the table.

( কিতাপখন টেবুল ওপৰত আছে। অৰ্থাৎ টেবুলত স্পৰ্শ কৰি আছে)


b) তাৰিখ ৰ আগৰ On ব্যৱহাৰ কৰা হয়। যেনে - 

On 15 th June 1998,

On 12 th May 2021 etc.


c) বাৰৰ নামৰ আগত On ব্যৱহাৰ কৰ হয়। যেনে-

On Sunday, On Monday etc.



2. In ৰ ব্যৱহাৰ :-- 


a) ভিতৰত বুজোৱা অৰ্থত in ব্যৱহাৰ কৰা হয়। যেনে-

The boy is in the room.


b) ডাঙৰ নগৰ চহৰ আদিৰ নামৰ আগত in বহে। যেনে -

in Guwahati, in Delhi etc.


c) চন বা বছৰ ৰ আগৰ in বহে। যেনে -

In 1999, in 1947. in 1888 etc.



3. At ৰ ব্যৱহাৰ -


a) সৰু গাঁও, ঠাই আদিৰ নামৰ আগত at বহে। যেনে -

at Balijan, at Fallangani, at Alubari etc.


b) নিৰ্দিষ্ট সময়ৰ আগত at বহে। যেনে -at 3 pm,  at 5 o'clock, at 6 pm, at 9 am etc 


c) নিৰ্দিষ্ট স্থান ৰ নামৰ আগত at বহে। যেনে -

at the office, at the post office, at school, at chariali, at tiniali etc.


d. at (ত) :- At শব্দৰ অৰ্থ অনুসৰি ও বাক্যত ইয়াৰ ব্যৱহাৰ হয়। at ৰ অৰ্থ হৈছে 'ত' ।  যেনে -

He is not at home.He has gone out. 

((তেওঁ ঘৰ(ত) নাই। তেওঁ বাহিৰলৈ ওলাই গ'ল ।))



4) Over = (ওপৰত)( স্পৰ্শ নকৰা অৰ্থত) বুজাবলৈ  ইয়াক ব্যৱহাৰ কৰা হয়।যেনে-

*The fan in over my head.(ফেনখন মোৰ মূৰৰ ওপৰত আছে।)

*The brigde is over the river. (দলংখন নদীখনৰ ওপৰত আছে।)

*The umbrella is over my head. (ছাতিটো মোৰ মূৰৰ ওপৰত আছে।)

           এই বাক্যকেইটত over য়ে ওপৰত বুজাইছে। কিন্তু স্পৰ্শ নকৰা অৰ্থত বুজাইছে । ফেনখন মূৰৰ ওপৰত আছে,কিন্তু মূৰত লাগি থকা নাই।




5) for ৰ ব্যৱহাৰ -


a) কাৰণ বা নিমিত্তে বা বাবে অৰ্থত for ব্যৱহাৰ কৰা হয় :- যেনে -

I bought the pen for you. ( মই তোমাৰ বাবে কিতাপখন কিনিছিলো।)


b) বস্তুৰ দামৰ ক্ষেত্ৰত for ব্যৱহাৰ কৰা হয়। যেনে - 

I bought this pen for 10 rupees. (মই ১০ টকাত কলম টো কিনিছিলো।)


Apropriate Prepositions :- 


1. Among/between


Among (দুজনতকৈ অধিকৰ মাজত প্ৰত্যেকক বুজাবলৈ Among ব্যৱহাৰ কৰা হয়। যেনে -

 * Give away the mangoes among ten boys.


Between ( দুজনৰ মাজত প্ৰত্যেকক বুজাবলৈ between  ব্যৱহাৰ কৰা হয়। যেনে -

* Give away the mangoes between Ram and Jadu.


Some more  appropriate prepositions :-


1. Boast - of (গৰ্ব কৰা)

2. Suffer -  from (ভূগি থকা)

3. beware - of (সাবধানে থকা)

4. Consist - of (গঠিত)

     Consist - in (নিহিত)

5. Amazed - at (আচৰিত হোৱা)

6. Astonished - at (অতি আচৰিত হোৱা)

7. Surprised - at (আচৰিত হোৱা)

8. Convict -of (দোষী সাব্যস্ত কৰা)

9. Deal - in (ব্যৱসায় কৰা)

    Deal - with (ব্যৱহাৰ কৰা)

10. preside - over (সভাপতিত্ব কৰা )

11. Sympathised - with (সহানুভূতি দেখুওৱা)

12. recover - from (উপশম পোৱা, আৰোগ্য হোৱা )

13. Control - over (নিয়ন্ত্ৰণ কৰা)


14. angry - with (ব্যক্তিৰ ওপৰত খং কৰা,

Angry - at ( কোনো বস্তু বা ব্যক্তিৰ আচৰণ আদিৰ ওপৰত খং কৰা)


15. Attend - to ( মনোযোগেৰে শুনা, মনোযোগ দিয়া)

attend - upon (শুশ্ৰুষা কৰা, সেৱা কৰা)


1. ( Boast - of )= Boast of মানে হৈছে গৰ্ব কৰা। boast - of মানে বুজাব বিচৰা হৈছে যে boast ৰ  লগত কেৱল মাত্ৰ of হে বহে। অৰ্থাৎ boast ৰ পাছত থকা খালী ঠাইত of বহিব।যেনে 


* Do not boast _of_  your wealth.


Fill in the blanks with appropriate prepositions given in the brackets.


1. He died ...in... the accident.(at/by/in)


2. The doctor is not ...at.... home.(in/at/on)


3. I felt pity...for... the suffering man.(at/for/to)


4. I do not approve ..of... your behavior.(by/at/of)


5. The child was afraid ...of.... police man. (to/of/for)


6. Anil felt pity ....for... the thief.(for/to/on)


7. Don't be angry ...with...me.(at/with/to)


8. You can rely....on... a liar.(in/at/on)


9. Children are fond ....of... Sweets. (for/of/to)


10. She was sure ...of... Success.(of/in/for)


11. Tobacco is injurious ...to.... Health.(for/to/on)


12. Write your answers...in.... ink.(by/with/in)


13. He is senior ....to...me (to/than/of)


14. She gets up ....at... dawn.(in/at/by)


15. The prisoner was accused ...of.... murder.(for/of/on)


16. The poor man died ..of... cancer.(of/from/in)


17. Flour is made ...from... wheat.(of/from/with)


18. The pupils were sitting ...at.. their desks.(on/at/in)


19. Please send a reply ...to... my letter.(to/of/for)


20. I shall look .....into.... the complaint.(for/about/into)

No comments:

Post a Comment

Preposition with use : Preposition Meaning 1 Example 1 Meaning 2 Example 2 at Place/Location She is at school. Direction/Tar...