Sunday, August 1, 2021

Class vii & viii ( বাক্য পৰিবৰ্তন)

 আকৃতি বা গঠন (Structure) অনুসাৰে বাক্য তিনি শ্ৰেণীৰ


(i) Simple Sentence(সৰল বাক্য) :- যি বাক্যত এটা কৰ্ত্তা আৰু এটা সমাপিক ক্ৰিয়া থাকে, তেনে বাক্যক সৰল বাক্য বোলে। যেনেঃ— (i) লৰাবোৰে কিতাপ পঢ়িছে। (ii) তেওঁ ভাত খাইছে।


(ii) Complex Sentence (জটিল বা মিশ্ৰ বাক্য):- যি বাক্যত এটা প্ৰধান বাক্যৰ উপৰিও এটা বা ততোধিক অপ্ৰধান বাক্য লগ লাগি থাকে, তাকে জটিল বা মিশ্ৰ বাক্য বোলে। যেনেঃ— (i) যিবোৰ ল’ৰাই গৰু চাৰি আছিল, সিহঁতেই আমবোৰ চুৰি কৰিলে।


(iii) Compound Sentence (যৌগিক বাক্য) :- যি বাক্যত দুটা বা তাতোকৈ বেছি বাক্য অব্যয়ৰ দ্বাৰা সংযুক্ত হৈ থাকে, তাকে যৌগিক বাক্য বোলে। যেনেঃ— (i) মই কিতাপ পঢ়ি আছিলোঁ আৰু তেওঁ চিঠি লিখি আছিল।



 

 


(ক) (Simple) সৰল বাক্যৰ পৰা (Complex)জটিল বা মিশ্ৰ বাক্যলৈ পৰিবৰ্ত্তনঃ—


(Simple) সৰল বাক্য


 (Complex) জটিল বা মিশ্ৰ বাক্য


আমি ৰাতিপুৱা শ্বিলংলৈ যাম


যেতিয়া ৰাতিপুৱা হ’ব তেতিয়া শ্বিলংলৈ যাম


মনোযোগেৰে পঢ়িলে পৰীক্ষাত প্ৰথম স্থান পাবা


যদি মনোযোগেৰে পঢ়া, তেনেহলে পৰীক্ষাত প্ৰথম স্থান পাবা।


পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে


পৃথিৱী যে ঘূৰণীয় হয়, সেইটো সকলোৱে জানে


 


(খ) (Simple) সৰল বাক্যৰ পৰা (Compound) যোগিক বাক্যলৈ পৰিবৰ্ত্তনঃ—


(Simple) সৰল বাক্য


 (Compound) যৌগিক বাক্য


ৰামে পিতৃ-সত্য পালি লক্ষণ, সীতাৰ সৈতে বনলৈ গল


ৰামে পিতৃ-সত্য পালন কৰিলে আৰু লক্ষণ আৰু সীতাৰ সৈতে বনলৈ গল


বি.এ. পাছ কৰিও চাকৰি নাপালা


বি.এ. পাছ কৰিলা তথাপি চাকৰি নাপালা


পৰিশ্ৰম কৰিলেহে উন্নতি কৰিব পাৰিবা


পৰিশ্ৰম কৰিবা, তেতিয়াহে উন্নতি কৰিব পাৰিবা।


 


(গ) (Complex) জটিল বা মিশ্ৰ বাক্যক, (Compound) যোগিক বাক্যলৈ পৰিবৰ্ত্তনঃ—


(Complex) জটিল বা মিশ্ৰ বাক্য


 (Compound) যৌগিক বাক্য


যদিও তাই পঢ়া- শুনাত ভাল তথাপি ব্যৱহাৰ বেয়া


তাই পঢ়া-শুনাত ভাল কিন্তু তাইৰ ব্যৱহাৰ বেয়া


যি আনক ভাল পায়, তেওঁক ঈশ্বৰে ভাল পায়


তুমি আনক ভাল পাবা আৰু ঈশ্বৰে তোমাক ভাল পাব।


যদি তুমি আহা, তেনেহলে ময়ো যাম


তুমিও আহিবা আৰু ময়ো যাম।

****************************


 তলৰ বাক্যবোৰ সৰল বাক্যৰ পৰা 'জটিল বা মিশ্ৰ' বাক্যলৈ পৰিৱৰ্তন কৰা।


১। অন্যমনস্ক ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে পাঠ আয়ত্ব কৰিব  নোৱাৰে।

উত্তৰ - যি সকল ছাত্ৰ ছাত্ৰী অন্যমনস্ক, তেওঁলোকে ভালদৰে পাঠ আয়ত্ব কৰিব নোৱাৰে।


২। ৰাতিপুৱা সোনকালে উঠিলে স্বাস্থ্য ভালে থাকে।

উত্তৰ - যি ৰাতিপুৱা সোনকালে উঠে, তেওঁৰ স্বাস্থ্য ভালে থাকে।


৩। পৃথিৱীখন ঘূৰণীয়া বুলি সকলোৱে জানে।

উত্তৰ - পৃথিৱীখন যে ঘূৰণীয়া, সেই কথা সকলোৱে জানে।


৪। দুখীয়া যদিও মানুহজন সৎ।

উত্তৰ - যদিও মানুহজন দুখীয়া, তথাপি সৎ।


৫। টোপনিৰ ভাও জুৰি শুই থকা মানুহক জগোৱা টান।

উত্তৰ - যি মানুহে টোপনি ভাও জুৰি শুই থাকে, তেওঁ‌ক জগোৱা টান।


৬। সত্যবাদী লোকক সকলোৱে ভাল পায়।

উত্তৰ - যি লোক সত্যবাদী, তেওঁ‌ক সকলোৱে ভাল পায়।


৭। পানী গোট মাৰিলে বৰফ হয়।

উত্তৰ - পানী যেতিয়া গোট মাৰে, তেতিয়া বৰফ হয়।


৮। দুখীয়াক সহায় কৰিবা।

উত্তৰ - যি লোক দুখীয়া, তেওঁক সহায় কৰিবা।


৯। কামত ব্যস্ত হৈ থকা লোকক বিৰক্ত নকৰিবা।

উত্তৰ - যি লোক কামত ব্যস্ত হৈ থাকে, তেওঁক বিৰক্ত নকৰিবা।


১০। দিবলৈ মন নাথাকিলে নালাগে।

উত্তৰ - যদি দিবলৈ মন  নাই, তেন্তে নালাগে।

No comments:

Post a Comment

 Degree Exercises  ⭐ A) Comparative → Positive (1–30) Rina is taller than Mina. ✅ Mina is not so tall as Rina. Gold is more valua...