Sunday, August 1, 2021

CLASS VII (পণ্ডিত আনন্দৰাম বৰুৱা)

 পণ্ডিত আনন্দৰাম বৰুৱা


১। পণ্ডিত আনন্দৰাম বৰুৱাই কেতিয়া I.C.S (ভাৰতীয় প্ৰশাসনিক সেৱা) ৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল ?

উত্তৰ - ১৮৭০ চনত।


২। ICS ৰ সম্পূৰ্ণ অৰ্থ কি ?

Ans - I.C.S :- Indian Civil Service (ভাৰতীয় প্ৰশাসনিক সেৱা)।


৩। মি: গ্ৰেণ্ট ডাফ কোন আছিল ?

উত্তৰ - ব্ৰিটিছ পাৰ্লামেণ্টৰ এজন সদস্য আছিল।


৪। পণ্ডিত আনন্দৰাম বৰুৱাই আই. চি. এছ. পৰীক্ষাত কিমান সংখ্যক স্থান লাভ কৰিছিল ?

উত্তৰ - সপ্তম স্থান ।


৫। পণ্ডিত আনন্দৰাম বৰুৱাৰ পিতৃ-মাতৃৰ নাম কি আছিল ?

উত্তৰ - পিতৃৰ নাম গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা আছিল।


৬। আনন্দৰাম বৰুৱাৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল ?

উত্তৰ - ১৮৫০ চনৰ মে' মাহৰ ২১ তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত জন্ম হৈছিল ।


৭। পণ্ডিত আনন্দৰাম বৰুৱাই কোনটো বংশৰ নাম উজ্জ্বল কৰি গৈছে ?

উত্তৰ - কামৰূপৰ উত্তৰ গুৱাহাটীৰ মজিন্দাৰ বৰুৱা বংশ।


৮। আনন্দৰাম বৰুৱা মাক দেউতাকৰ কেই নম্বৰৰ সন্তান আছিল ?

উত্তৰ - তৃতীয় সন্তান।


৯। আই চি এছ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ দৰে এক কঠিন লক্ষ্যত কেনেদৰে উপনীত হব পাৰিছিল ?

উত্তৰ - তেখেতৰ কঠোৰ অধ্যৱসায় আৰু দৃঢ় মনোবলৰ বাবে।


১০। তেখেতে কোন কলেজৰ পৰা এফ. এ. পৰীক্ষা ত উত্তীৰ্ণ হৈছিল ?

উত্তৰ - কলকাতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা।


১১। আনন্দৰাম বৰুৱাই কিয় 'ডাফ স্কলাৰচিপ' লাভ কৰিছিল ?

উত্তৰ - আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেছিডেন্সী  কলেজৰ পৰা সুখ্যাতিৰে এফ. এ. পৰীক্ষাত উত্তীৰ্ণ হৈ গণিতত সৰ্বোচ্চ নম্বৰসহ 'ডাফ স্কলাৰচিপ' লাভ কৰিছিল। 


১২। আনন্দৰাম বৰুৱাই ক'ত বেৰিষ্টাৰী পঢ়িছিল ?

উত্তৰ - লণ্ডনত।

No comments:

Post a Comment

Preposition with use : Preposition Meaning 1 Example 1 Meaning 2 Example 2 at Place/Location She is at school. Direction/Tar...