Tense (কাল বা সময়)
Tense কি?
=Tense এ সময়ক বুজায়।সময়ৰ বিভিন্ন মূহুৰ্ত্ত বিলাক বুজায়।আমি কোৱা সকলো কথা একো একোটা নিৰ্দিষ্ট সময়ৰ হয়।যেনে -
a)I eat rice(মই ভাত খাওঁ).
b)I am eating rice(মই ভাত খাই আছো).
c)I have finished the work just now(মই এইমাত্ৰ কামটো শেষ কৰিলো).
d)I have been doing the work for two hours(মই দুই ঘণ্টা ধৰি কামটো কৰি আছো).
e)I went to town yesterday(মই কালি চহৰলৈ গৈছিলো).
f)He will go to London next week.(সি অহা মাহত লণ্ডন যাব) ইত্যাদি ।
ওপৰৰ বাক্যবিলাকত একোটা নিৰ্দিষ্ট সময়ৰ কথা বুজাইছে।গতিকে Tense এ সময়ক বুজায় আৰু বাক্যটোৰ ক্ৰিয়া পদটোৱে অৰ্থাৎ Verb টোৱে সেই সময়টোক বৰ্ণনা কৰিছে।সেয়ে আমি কব পাৰো যে,
Tense is the time which is described by a verb.
Tense 3 প্ৰকাৰ।
1.Present tense (বৰ্তমান কাল)
2.past tense.(অতীত কাল)
3Future tense(ভবিষ্যত কাল)
প্ৰত্যেকৰে 4 টাকৈ ভাগ আছে।
Present Tense ৰ ভাগ।
i)present Indefinite or Simple present Tense
ii)Present Continuous tense
iii)Present perfect tense
iv)Present perfect Continuous tense
Past Tense ৰ ভাগ
i)Past Indefinite or Simple past tense
ii)Past continuous tense
iii)Past Perfect tense
Iv)Past perfect continuous tense
Future Tense ৰ ভাগ
i) Future Indefinite or simple future tense
ii) Future continuous tense
iii) Future perfect tense
iv) Future perfect continuoua tense.
PRESENT TENSE
i)Present Indefinite tense:-
সদায় হোৱা কাম, চিৰসত্য ঘটনা, অভ্যাসগত কাম আৰু গতানুগতিক অৰ্থ বুজাবলৈ এই Tense ব্যৱহাৰ কৰা হয়।
গতিকে Present Indefinite বুলি কলে আমি এই 4 টা কথা মনত ৰাখিব লাগিব।
১)সদায় হোৱা কাম,
২)চিৰসত্য ঘটনা
৩)অভ্যাসগত কাম
৪)গতানুগতিক অৰ্থ
সদায় হোৱা কাম (Daily Routine) :-
a) I always go to school.
b) I get up at 5:30 a.m.
চিৰসত্য ঘটনা(Universal Truth or Univarsal Facts):-
a)Man is Mortal.
b)The earth moves round the sun.
অভ্যাসগত কাম (Habitual works) :-
a)We eat Rice
b)He smokes cigarette.
গতানুগতিক অৰ্থ (Continually happening works)
গতানুগতিক মানে হ'ল মাজে মাজে হোৱা,এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সংঘটিত হোৱা ঘটনা।
যেনে -
a) He comes here twice in a day.
b)He goes to Delhi Once in a month.
present Indefinite tense ৰ form (গঠন):-
Subject+Verb+Object (S+V+>O)
He plays football
ইয়াত
He-Subject
plays-Verb
football- Object
Subjects (কৰ্তা) :- যি কাম টো কৰে,
Verb ( ক্ৰিয়া) :-কৰ্তাই কৰা কামটোৱেই হ'ল ক্ৰিয়া।
Object ( কৰ্ম)- কৰ্তাই যাৰ ওপৰত ভিত্তি কৰি কামটো কৰে,সিয়েই কৰ্ম।
Present Indefinite tense ৰ বাক্য লিখোতে বা কৰোতে verb ৰ পিছত s, es , আৰু ies ব্যবহাৰ কৰা হয় যদিহে subject টো 3rd person,singular number হয়।
Person (পুৰুষ)
1st person(প্ৰথম পুৰুষ)- যি কয়,
2nd person(দ্বিতীয় পুৰুষ) - যাক কোৱা হয়,
3rd person(তৃতীয় পুৰুষ) -যাৰ বিষয়ে কোৱা হয়।
numbers(বচন)
1.singular number (একবচন):- এজন ব্যক্তি বা এটা বস্তু ক বুজায়।
2.Plural number (বহুবচন) :- দুজন বা তাতকৈ অধিক ব্যক্তিক বা দুটা বা ততোধিক বস্তু ক বুজায়।
ies যোগ হোৱা verbs :-
যদি কোনো এটা শব্দ ৰ শেষত Y থাকে আৰু y ৰ আগত consonant থাকে,তেতিয়া y ৰ ঠাইত i কৰি es যোগ কৰা হয়।যেনে -
Try-tries,
cry-cries
study-Studies,
fly-Flies ইত্যাদি।
a)He tries hard.
b)He studies well
c)Bird flies in the sky.
কিন্তু শেষত y থাকিলেও যদি y ৰ আগত vowel থাকে,তেতিয়া ies যোগ কৰা নহয়।তেতিয়া তেনে শব্দৰ শেষত s যোগ কৰা হব।যেনে -
Play-Plays
stay-stays
es যোগ হোৱা Verbs :-
যিবোৰ শব্দৰ শেষত ss,x,ch,sh,zz আদি থাকে,তেনেবিলাক শব্দ ৰ শেষত es যোগ কৰা হয়।যেনে -
catch-catches
finish-finishes,
fix-fixes,
confess-confesses,
push-pushes
শব্দৰ শেষত Vowel 'O' থাকিলে verb ৰ পিছত es যোগ কৰা হয়।যেনে-
Do-does,
Go- goes
s যোগ হোৱা verbs :-
শব্দৰ শেষত Y আৰু y ৰ আগত vowel থাকিলে s যোগ হয়।যেনে -
Play - Plays
He plays football.
যিবোৰ verb ৰ শেষৰ আখৰ টো consonant হয়,তেনেবোৰ verb ৰ শেষত সধাৰণতে s যোগ হয় ।যেনে-
run-runs,
eat-eats
a.He runs very fast.
b.Cat eats mouse.
Verb ৰ শেষত e,ee থাকিলে s যোগ হয়।যেনে-
Come-comes
see-sees
a)He comes here once in a year.
b)The boy sees a bird in the sky.
Words :- (Present Indefinite tense identification word)(present tense চিনাক্তকৰণৰ কিছুমান শব্দ) :----
Always, regularly, usually, generally, daily,
Occasionally, Rarely, often, sometimes, never,
every day, every week, every month, every year, each day ,each week, each month, each year, once in a day, once in a week, once in a month, once in a year, Twice in a day, twice in a week, twice in a month, twice in a year etc.
Questions-Answers
1.water (flow) downwards.
ans-Water flows downwards.
2.The train (arrives) at 9:00 a.m everyday.
Ans-The train arrives at 9:00 a.m everyday.
3.The old man (go) out for a walk regularly in the morning.
ans-The old man goes out for a walk regularly in the morning.
4.He usually (take) his breakfast at 7:00 a.m.
Ans - He usually takes his breakfast at 7:00 am.
5.Ice (float) on water.
Ans :- Ice floats on water.
b) Present Continuous tense:-
বৰ্তমান কোনো এটা কাম চলি আছে বুজাবলৈ এই tense ব্যবহাৰ কৰা হয়।যেনে
i)I am reading a book now.
ii)He is playing football now
iii)They are playing cricket.
Form-(গঠন)
Subject+is/am/are+verb+ing+object
Is:-Third person singular number Subject ৰ পিছত ব্যৱহাৰ কৰা হয়।যেনে -
She is dancing.
The cow is grazing.
am:- কেৱল I ৰ লগত হে am ব্যৱহাৰ কৰা হয়।
I am writing a letter now.
are:-used after plural number's Subject.
subject টো বহুবচন হ'লে ইয়াৰ পিচত are ব্যৱহাৰ কৰা হয়।যেনে -
They are swimming.
The boys are singing.
Word:- now
c)Present Perfect tense:-
এইমাত্ৰ কোনো এটা কাম শেষ হৈছে,তেনে অৰ্থ বুজাবলৈ,
বা
অলপ আগতে কোনো এটা কাম শেষ হৈ তাৰ ফল এতিয়াও বাকী আছে,তেনে অৰ্থ বুজাবলৈ এই tense ব্যৱহাৰ কৰা হয়। যেনে :-
I have completed the work just now.
He has gone out just now.
Form-
Subject+have/has+Verb(past participle)
+Object
have:-বহুবচন subject ৰ পিচত ব্যবহাৰ কৰা হয়। (But though 'I' is singular,we use 'have' after it.)যেনে
They have done it.
I have done it.
has:-একবচন subject ৰ পিচত ব্যৱহাৰ কৰা হয়।
যেনে-The boy has made the kite.
Ram has done the sum.
Words:-just,just now yet,already.
a)He has just gone out.
b)He has arrived just now.
c)He has not completed the work yet.
d)I have already completed the work.
d)Present Perfect cotinuous tense
আগতে কামটো আৰম্ভ হৈ বৰ্তমানলৈকে চলি আছে বুজাবলৈ--
বা
অতীত ৰ কোনো এটা সময়ত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি আছে,তেনে অৰ্থ বুজাবলৈ এই Tense ব্যৱহাৰ কৰা হয়।
যেনে -
a)I have been reading the book for two hours.
b)He has been living in this village since 1990.
Form-
Subject+have been/has been+Verb+ing +Object
Word - Since,for.
questions-Answers Discussion
1)She just (reach) home.
Ans- She has just reached home.
2)we (live) here since 1980.
Ans-We have been living here since 1980.
3)She usually (go) out for a walk in the evening.
Ans- She usually goes out for a walk in the evening.
4)He (sleep) and cannot meet you now.
Ans - He is sleeping and cannot meet you now.
5)He (do) the work since monday last.
Ans- He has been doing the work since monday last.
6)If you (neglect)your studies,you will fail.
Ans-If you neglect your studies,you will fail.
7.He is not here.He (go) out.
Ans-He is not here.He has gone out.
8) I (not take) my breakfast yet.
Ans- I have not taken my breakfast yet.
9)They (live) in Delhi for ten years.
Ans-They have been living in Delhi for ten years.
10) They (watch) t.v since 5 p.m.
Ans-They have been watching t.v since 5:00 p.m.
Past tense (অতীত কাল) :-
a)past Indefinite:-অতীত কালত সংঘটিত হোৱা ঘটনা বা কামৰ কথা বুজাবলৈ Past Indefinite Tense ব্যৱহাৰ কৰা হয়।যেনে -
a)He went to Shillong last year.
b)They did the work yesterday.
Form :- Subject+Verb(past)+Object
Words- Yesterday,last night,last month,last year etc.
b)Past Continuous:- অতীত কালত কোনো এটা কাম হৈ আছিল বা চলি আছিল,তেনে অৰ্থ বুজাবলৈ Past Continuous Tense ব্যৱহাৰ কৰা হয়।যেনে :-
a)He was reading a novel yesterday.
b)They were playing football yesterday.
c)When he came I was reading a book.
d)The old man fell down while he was crossing the road.
e)He was playing on a violin then.
Form :-
Subject +was/were+Verb+ing+Object
Words :- When,while,then.
C)Past perfect:- অতীত কালৰ কোনো এক নিৰ্দিষ্ট মূহুৰ্ত ৰ আগে আগে কোনো এটা কাৰ্য সংঘটিত হৈছিল,তেনে অৰ্থ বুজাবলৈ এই Tense ব্যৱহাৰ কৰা হয়।
বা
অতীতৰ দুটা কামৰ যিটো আগেয়ে সংঘটিত হয়,সেই কামৰ কথা বুজাবলৈ এই Tense ব্যৱহাৰ কৰা হয়।যেনে :-
a)The train had left before we reached the station.
b)He had gone out before I arrived.
c) He came after I had gone.
Form :-
Subject+had+verb( past participle)+Object
Word- after,before.
d)Past perfect continuous Tense:-অতীত কালৰ কোনো এটা সময়ত কোনো এটা কাম আৰম্ভ হৈ অতীত কালৰেই কোনো এটা সময়লৈকে চলি আছিল,তেনে অৰ্থ বুজাবলৈ এই Tense ব্যৱহাৰ কৰা হয়।যেনে :-
a)He had been doing the work for three hours yesterday.
b)They had been playing football since morning yesterday.
He had been talking for over half an hour before they arrived.
Form :-
Subject+had been +Verb +ing+Object
3. Future Tense
a) Future Indefinite Tense :- ভবিষ্যতে হবলগীয়া কামৰ কথা বুজাবলৈ এই tense ব্যৱহাৰ কৰা হয়। যেনে - I shall do the work tomorrow.
Word - Tomorrow, next day, next week, next month etc.
Form - S+shall/will+V+O.
b) Future Continuous tense - ভৱিষ্যতে কোনো এটা কাম হৈ থাকিব বা চলি থাকিব, তেনে অৰ্থ বুজাবলৈ এই Tense ব্যৱহাৰ কৰা হয়। যেনে - I shall be reading a novel at this time tomorrow.
Word - at this time tomorrow.
Form - S+shall be/will be+V+ing +O
c) Future Perfect tense :- ভৱিষ্যত কালৰ কোনো এক নিৰ্দিষ্ট মূহুৰ্তৰ আগে আগে কোনো এটা কাৰ্য সম্পাদন হব , তেনে অৰ্থ বুজাবলৈ এই Tense ব্যৱহাৰ কৰা হয়। যেনে -
I shall have done the work before 10.00 a.m tomorrow.
Form - S+shall have /will have+v(pp)+ O
d) Future perfect continuous tense - ভৱিষ্যত কালৰ কোনো এক নিৰ্দিষ্ট সময়লৈকে কোনো এটা কাৰ্য হৈ থাকিব বা চলি থাকিব, তেনে অৰ্থ বুজাবলৈ এই tense ব্যৱহাৰ কৰা হয়। যেনে - I shall have been playing football for three hours tomorrow.
Form - S+shall have been/will have been+V+ing + Object